অতীজত, এটা সময় আছিল যেতিয়া আমি এটা বিশেষ বিষয়তে পাৰদৰ্শিতা তথা ব্যুত্পত্তি লাভ কৰিবলৈ নিৰন্তৰ প্ৰয়াস আৰু অভ্যাস কৰিছিলোঁ। কিয়নো, কথাতে কোৱা হৈছিল — “বহু বিদ্যা যাৰ, ভাতে নাটে তাৰ!” আনকি, এনে এটা সময়ো আছিল, যেতিয়া মানুহে একাধিক বিদ্যাত পাৰ্গত হ’লে অপমানিত কিম্বা গ্লানিৰ সন্মুখিন হ’ব লগা হৈছিল।
এটা উদাহৰণ লৈছোঁ, মহাভাৰত মহাকাব্যৰ পৰা। এবাৰ মহাৰাজ ধৃতৰাষ্ট্ৰই আয়োজন কৰা নৈশ ভোজমেলত ৰাজকুমাৰ অৰ্জ্জুনে উপস্থিত সকলোৰে সন্মুখত বীণাবাদন কৰি আছিল। এনেতে, দূৰ্য্যোধন আৰু কৰ্ণ আহি উপস্থিত হ’ল। তেওঁলোক দুয়োৱে তাকে দেখি অৰ্জ্জুনক যথেষ্ট কটু সমালোচনা কৰে, আৰু ক্ষত্ৰিয় হৈও অৰ্জ্জুনৰ সঙ্গীতৰ প্ৰতি থকা ৰুচি, ক্ষত্ৰিয়ৰ বাবে এক অতি লজ্জাজনক তথা সমগ্ৰ কুৰুকূলক ই কালিমা সনা বুলি ভৰ্ত্সনা কৰে।
ইয়াৰ কাৰণ আছিল – তেতিয়াৰ দিনৰ তাকৰ জনসংখ্যা, তাকৰীয়া প্ৰতিভা তথা বিস্তৰ সুযোগ-সুবিধা। মানুহে যিকোনো বিষয়তে পাৰদৰ্শিতা দেখুৱাবলৈ আৰু সুবিধাৰ ভৰপূৰ লাভ উঠাবলৈ যথেষ্ট অৱকাশ পাইছিল।
যা হওঁক, তাহানিৰ দিন আৰু আজিৰ দিনৰ মাজত আকাশ-পাতাল প্ৰভেদ। আজিৰ পৃথিৱীত জনবিস্ফোট ঘটিছে। একেখন ক্ষেত্ৰতে মাত্ৰাধিক প্ৰতিভাৰ উদ্ৰেক ঘটিছে। প্ৰয়োজনাধিক সফল মুখ বিদ্যমান। ফলশ্ৰুতিত, দৈনন্দিন প্ৰতিযোগিতাৰ মাত্ৰা অধিক তথা তীব্ৰ হৈ পৰিছে। সুবিধাসমূহ সঙ্কুচিত হৈ আহিছে। নিজৰ ক্ষেত্ৰখনত বিচক্ষণতাৰ পৰিচয় দিয়াৰ পাছতো, প্ৰতিভাই যথাযোগ্য বা উচিত সমাদৰ নোপোৱাৰ বাবে মানুহৰ মনত এক হতাশা আৰু অজান ভৱিষ্যতৰ আশঙ্কাই গা কৰি উঠিছে। জীৱনৰ অধিক সময় এটা বিদ্যা বা এখন ক্ষেত্ৰত অতিবাহিত কৰাৰ বাবে, আৰু তাৰপাছত ইয়াৰ পৰা যথোপযুক্ত প্ৰত্যুত্তৰ নোপোৱাৰ ফলত এই হতাশাই অজানিতে বা অনিশ্চয়তাত মনলৈ আনি দিছে এক ভূল সিদ্ধান্ত। এক চৰম সিদ্ধান্ত ল’বলৈ ই আমাক বাধ্য কৰাইছে। আত্মহত্যাৰ প্ৰৱণতা গা কৰি উঠিছে, এই বিফলতাত। বহু প্ৰতিভা তথা উদীয়মানে ইতিমধ্যেই তেওঁলোকৰ অকাল বলিদানেৰে আমাক চিন্তান্বিত কৰি তুলিছে। আজি যদি তেওঁলোকে এটা বিদ্যা বা এখন ক্ষেত্ৰকেই সাৰথি কৰি আগুৱাই নগ’লহেঁতেন, আৰু নিজৰ ভাললগা অইন আৰু দুই-এটা বিষয়কো একেদৰে আগুৱাই নিলেহেঁতেন, তেনেহ’লে হয়তো আজি তেওঁলোকে এই নিষ্ঠুৰ সত্যটোক আঁকোৱালি ল’ব লগীয়া নহ’লহেঁতেন। আজিৰ সময়ে এই সত্যকেই প্ৰতিপন্ন কৰিলে যে আজিকালি বৰঞ্চ বহু বিদ্যাৰ হে ভাত আছে। জীৱনটো যথেষ্ট অনিশ্চয়তাৰে ভৰপূৰ। কোনে ক’ব পাৰে যে নিজৰ বাচি লোৱা ক্ষেত্ৰখনতেই সফলতা পাম! যদি বিফল হওঁ, তেনেহ’লে মোৰ হাতত বিকল্প পন্থা বুলিবলৈ আৰু কি আছে? কোনটো জীৱিকা অৱলম্বন কৰি মই নিজেও বাচি থাকিব পাৰিম আৰু নিজৰ লগতে অইন দহকো সহায় আগবঢ়াব পাৰিম?
আজি বেছ কিছুদিনৰ পৰা মায়ানগৰী মুম্বাইত সঘনে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক উদীয়মান প্ৰতিভাই অকালতে চৰম পন্থা আঁকোৱালি লৈছে। সমীক্ষাই কৈছে — তেওঁলোক হেনো হতাশাৰ কৰাল গ্ৰাসত পৰিছিল! বৰ্ত্তমান সময়ত সমগ্ৰ বিশ্বত চলি থকা মহামাৰী ক’ৰোণা ভাইৰাচৰ কৰাল গ্ৰাসত পৰি বহুতেই জীৱিকাবিহিন, উপাৰ্জনহীন হ’ব লগীয়া গৈছে। অনাগত দিনত, আৰু বহুজন উপাৰ্জনহীন হ’ব, বহুজন জীৱিকাবিহিন হ’ব; ই নিশ্চিত। এক অনিশ্চিত ভৱিষ্যতৰ আশঙ্কাত বহুতে, বহুক্ষেত্ৰৰ পৰা উফৰি পৰা পৰিলক্ষিত হৈছে। হতাশা, নিৰাশা, অৱসাদ, শঙ্কা আদিৰ পৰিণতিত বহুতেই এনে এক চৰম সিদ্ধান্ত লৈ পেলাইছে। বহুতে হয়তো লোৱাৰ পথত (অপ্ৰিয় হলেও নুই কৰিব নোৱাৰি)।
সময়ে পৰিৱৰ্ত্তন বিচাৰে। পৰিৱৰ্ত্তন, প্ৰকৃতিৰ নিয়ম। ইয়াক কোনেও না কৰিব নোৱাৰে, কোনেও ৰোধিব নোৱাৰে। পৰিৱৰ্ত্তন অৱশ্যাম্ভাৱী। সেয়েহে, বুদ্ধিমত্তা ইয়াতেই হ’ব – আমি যদি পৰিৱৰ্ত্তনক আঁকোৱালি লওঁ, আমি যদি আমাৰ বৃত্তি, আমাৰ কাৰ্য্যপদ্ধতিত পৰিৱৰ্ত্তন আনোঁ। এই পৰিৱৰ্ত্তনৰ ফলতেই আজি লেণ্ড ফোনৰ পৰা মোবাইল বা চেল ফোনৰ, ভাঁপ ইঞ্জিনৰ পৰা বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেলগাড়ীৰ উত্তৰণ ঘটিছে। আনকি, আমি নিজকে এই বিশ্বতেই সীমাবদ্ধ নাৰাখি মহাকাশৰ ন ন দিগন্তলৈ ধাৱমান হোৱাৰ প্ৰয়াস কৰিছোঁ।
সময় থাকোঁতেই যদি আমি পৰিৱৰ্ত্তনৰ চাহিদানুযায়ী নিজকে খাপ খুৱাব নোৱাৰোঁ, নিজৰ বৃত্তি বা পেছাত পৰিৱৰ্ত্তন আনিব নোৱাৰোঁ, সময়ে আমাক বহু বহুদূৰ পাছলৈ ঠেলি দিব, য’ৰপৰা হয়তো উদ্ধাৰ পোৱাতো অতি কঠিন হ’ব! কথাতেই কয় – “যোগ্য ভোগ্যা বসুন্ধৰা!” যোগ্যজনেহে এই প্ৰতিযোগিতাৰ ভীৰত তিষ্ঠি থাকিবলৈ সমৰ্থ হ’ব। আজিৰ পৰিস্থিতিয়ে বহুবিদ্যাধাৰীকহে জীৱন সংগ্ৰামত উপনীত হোৱাৰ সুবিধাকণ দিব। এটা বিদ্যাত সফল নহ’লে, কমেও মোৰ হাতত অইন এটা বিকল্প থকাটো অনিবাৰ্য্য হৈ পৰিছে। কথাতে কয় – “সুবিধাবাদীৰ মৰণ নাই!” সময় আৰু সুবিধাৰ সদ্ব্যৱহাৰ তথা সদুপযোগ কৰিব জনাজনে জীৱনযুঁজৰ দৌৰত আগবাঢ়ি যাব আৰু বাকীসকল পিছ পৰি ৰ’ব।
এতিয়া কথাটো হ’ব – ইয়াৰ আৰম্ভণি কেনেকৈ কৰা যায়, কেতিয়া কৰা যায়? কথাতে কয় বোলে – “যেতিয়াই সাৰ পোৱা, আৰম্ভণিৰ সময় তেতিয়াই!” মাত্ৰ আগবাঢ়ি যোৱাটোহে কথা। এটা কথা ঠিক যে বিকল্পৰ আৰম্ভণিয়ে তাত্ক্ষণিক সফলতা কিম্বা লাভ নিদিবও পাৰে। তাৰবাবে প্ৰয়োজন মাথোঁ ধৈৰ্য্য, অপেক্ষা আৰু একাগ্ৰতাৰ। কোনে জানে, হয়তো এই বিকল্প পথেই আমাক দিব পাৰে আশাতীত সফলতা, অভাৱনীয় প্ৰতিষ্ঠা! সেয়েহে, আজিৰ সময়ৰ আৱেদন – একাধিক বিদ্যাত মনোনিৱেশ কৰি, একাধিক ক্ষেত্ৰত পাৰদৰ্শী হৈ, হাতত একাধিক পথ বা বৃত্তি মজুত ৰাখি, জীৱনযুদ্ধত সাহসেৰে উপনীত হোৱা, আৰু নিজৰ লগতে অইনকো জীয়াই থকাৰ পথ দেখুওৱা।
আশাকৰোঁ, মোৰ এই লিখনিয়ে কোনোবাজনৰ হতাশা, নিৰাশাৰ অন্ত পেলাই, এক নতুন উদ্যমেৰে, এক নতুন সতেজতাৰে জীৱনটোক গঢ় দিয়াৰ সাহস তথা উদগণি জগাব! জীয়াই থকাৰ সম্বল দিব! এই লিখনিয়ে কাৰোবাৰ জীৱনৰ গতি সলাব পাৰিলে, মই ভাৱিম, মোৰ লিখা সাৰ্থক, মোৰ জীৱন সাৰ্থক!
শুভেচ্ছা সহকাৰে —
প্ৰণৱজ্যোতি ঠাকুৰীয়া
১৭ জুন, ২০২০ পিলানি, ৰাজস্থান।
No comments:
Post a Comment